About Us

 

অসমীয়াৰ কৃষ্টি-সংস্কৃতিৰ গৌৰৱ সংৰক্ষণৰ লগতে,
৭০০০ জন ন-পুৰণি কবিৰ কবিতাক বিশ্ব দৰবাৰলৈ নিয়াৰ এক একান্ত প্ৰচেষ্টা।
 
অসমীয়া সাহিত্যক নতুন দিশ দিয়া,
নতুন প্ৰজন্মৰ কবিসকলক একেখন মঞ্চত আনি,
তেওঁলোকৰ কলমৰ শক্তিৰে
অসমৰ সংস্কৃতি, সুৰ আৰু সাহিত্যক বিশ্বমঞ্চত প্ৰতিষ্ঠা কৰা। সাহিত্য-সংস্কৃতিৰ বিকাশ আৰু নতুন প্ৰজন্মৰ সাহিত্যিকক উৎসাহিত কৰিবলৈ এক ঐতিহাসিক প্ৰকল্প হাতত ল'ব লৈছো । এই প্ৰকল্পত সমগ্ৰ অসম তথা ভাৰতৰ ৭০০০ জন নতুন প্ৰজন্মৰ কবিৰ কবিতা সংকলন কৰি একেলগে বিশ্বমানৰ কবিতা পুথি প্ৰকাশ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।
 
এই পুথি প্ৰকাশৰ লগতে, ই প্ৰজন্মৰ সাহিত্য প্রতিভাক প্ৰতিষ্ঠিত মঞ্চ প্ৰদান কৰি, অসম তথা ভাৰতক Asia Book of Records ত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য ৰখা হৈছে।
 
প্ৰকল্পৰ মূল দিশবোৰঃ
 
1. ৭০০০ জন নতুন প্ৰজন্মৰ কবিৰ কবিতা সংকলন।
 
 
2. সম্পাদনা, বিন্যাস আৰু প্ৰকাশ।
 
 
3. Asia Book of Records ত পঞ্জীয়ন।
 
 
4. সাহিত্যিক অনুষ্ঠান আৰু উন্মোচনী সভা।
 
 
 
এই উদ্যোগ অসম তথা ভাৰতৰ সাংস্কৃতিক পৰিচয়ক বৈশ্বিক স্তৰত প্ৰতিষ্ঠা কৰিব বুলি আমি দৃঢ় বিশ্বাস কৰোঁ।
 
আপোনালোকৰ সহৃদয় বিবেচনা আৰু সহায়ৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিছো।

Subscribe Our Newsletter To Stay Updated With Our Latest Offers !!